এজনী মালিনী আৰু এজোপা ফুল


এক মালিনী আছিল| তাই বৰ যতনকৈ এজোপা ফুল-গছ ৰুইছিল| তাই সেই গছজোপা দিনৌ ইমান পতি কৰে, তথাপি তাত ফুল নুফুলে| সেইদেখি এদিন তাই ফুলগছজোপাক সুধিলে,-

“অ’ গছ, অ’গছ, ফুল নুফুল কিয়?” গছে উত্তৰ দিলে,-
“মই যে ফুলিব লাগে, গৰুৱেনো মোৰ আগ কিয় খায় কিয়?” তেতিয়া মালিনীয়ে গৰুৰ ওচৰলৈ গৈ গৰুক সুধিলে-
“অ’গৰু, অ’গৰু, ফুলগছৰ আগ খাৱ কিয়?”
গৰু-“গৰখীয়াই যে গৰু নাৰাখে, মই বা নাখাম কিয়?”
মালিনী-“অ’ গৰখীয়া, অ’ গৰখীয়া, গৰু নাৰাখ কিয়?”
গৰখীয়া-“ৰান্ধনীয়ে যে ভাত নিদিয়ে, মই বা ৰাখিম কিয়?”
মালিনী-“অ’ ৰান্ধনী, অ’ ৰান্ধনী ভাত নিদিয় কিয়?”
ৰান্ধনী-“খৰীয়াই যে খৰি নিদিয়ে, মইনো দিম কিয়?”
মালিনী”অ’ খৰীয়া, অ’ খৰীয়া, খৰি নিদিয় কিয়?”
খৰীয়া-“কমাৰে যে কুঠাৰ নিদিয়ে মই নো দিম কিয়?”
মালিনী-“অ’ কমাৰ, অ’ কমাৰ, কুঠাৰ নিদিয় কিয়?”
কমাৰ-“এঙাৰীয়াই যে এঙাৰ নিদিয়ে মইনো দিম কিয়?”
মালিনী-“অ’ এঙাৰীয়া, অ’ এঙাৰীয়া, এঙাৰ নিদিয় কিয়?”
এঙাৰীয়া-“মই যে এঙাৰ দিব লাগে, মেঘেনো বৰষে কিয়?”
মালিনী-“অ’মেঘ, অ’মেঘ, বৰষুণ দিয় কিয়?”
মেঘ-“ভেকুলীয়ে যে টোৰ্টোৰায় মই বা নিদিম কিয়?”
মালিনী-“অ’ ভেকুলী, অ’ভেকুলী, টোৰ্টোৰাৱ কিয়?”
ভেকুলী-“বপা-ককাৰ ৰীতিটো মই এৰিম বা কিয়?”
লেখক: লক্ষ্মীনাথ বেজবৰুৱা
উৎস: বুঢ়ী আইৰ সাধু
Disqus Comments