মহিলাৰ স্বাস্থ্য

স্ত্ৰী ৰোগ আৰু সাৱধনতা 
            স্ত্ৰীৰোগ বুলিলেই মুখ্যত: স্ত্ৰী বা মহিলাই জননেন্দ্ৰিয় সম্পৰ্কত ভোগ কৰা কষ্ট বা পীড়াৰ কথাই সাধাৰণতে বুজোৱা হয়। সৰ্বসাধাৰণে মানুহে ভোগাৰ দৰেই এগৰাকী মহিলায়ো দেহৰ যিকোনো এবিধ ৰোগত ভুগিব পাৰে।

➤ যৌন ব্য়াধিৰ পৰা সাৱধনতা
            কিছুমান নিৰ্দিষ্ট বেক্টেৰিয়া, ভাইৰাচ বা পেৰাচাইটৰ সংক্ৰমণৰ দ্বাৰা আক্ৰান্ত হৈ এজন পুৰুষ বা মহিলাৰ দেহত যৌনব্যাধিয়ে প্ৰবেশ কৰিব পাৰে৷ সাধাৰণতে অসুৰক্ষিত যৌন সম্পৰ্কৰ বাবেই যৌনব্যাধি বিয়পে যদিও যৌনক্ৰিয়া নোহোৱাকৈয়ো  এনে ৰোগ বিয়পাৰ উদাহৰণ হ’ল ৰুগ্ন মাতৃৰ পৰা প্ৰসৱৰ সময়ত সন্তানলৈ ৰোগ বিয়পা৷

➤ কিশোৰীৰ স্বাস্থ্য় 
            ঋতুমতীৰ বয়স সাধাৰণতে ১০ ৰ পৰা ১৬ বছৰৰ ভিতৰত। শৈশৱৰ পৰা প্ৰাপ্তবয়স্কলৈ ৰূপান্তৰ হোৱাৰ এয়া এটা ক্ৰম পদ্ধতি। প্ৰতিগৰাকী ছোৱালীৰ ক্ষেত্ৰত বিভিন্ন সময়ত এই পৰিবৰ্তন আৰম্ভ হয়।

➤ গৰ্ভাৱস্থা 
            সুৰক্ষিত মাতৃত্বৰ অৰ্থ হ’ল- সকলো নাৰীয়েই গৰ্ভধাৰণ আৰু গৰ্ভাৱস্থা, শিশু জন্মকে ধৰি সকলো তথ্য নিশ্চিতভাৱে জনা। নিজৰ আৰু শিশুটিৰ সুৰক্ষা, এই সম্পৰ্কীয় স্বাস্থ্য সেৱা আদি সুনিশ্চিতভাৱে পোৱা।

➤ সৌন্দৰ্য্য় কেইটামান উপায়
          গৰমৰ প্ৰখৰ ৰ’দত আমি বিভিন্ন সমস্যাত ভোগো। যেনে—চুলি সৰা, চুলি শুকান হোৱা, চুলিৰ আগ ফটা আদি। ছালৰ কোষসমূহ ডাঙৰ হোৱা, ছালত এলাৰ্জী হোৱা, শালমইনা হোৱা ইত্যাদি। এনেবোৰ সমস্যাৰ পৰা হাত সাৰিবলৈ সদায় নিজৰ যত্ন ল’ব লাগে। মন কৰিবলগীয়া যে আজিৰ দিনত আমাৰ জীৱন ধাৰা সলনি হৈছে। 

➤ মাতৃৰ সু-স্বাস্থ্য় 
         মা- কেৱল এটা শব্দ অথবা এটা সম্পৰ্কৰ নাম নহয়। মা এগৰাকী নাৰী, যিয়ে দিন-ৰাতি একাকাৰ কৰি নিজৰ সন্তান আৰু পৰিয়ালৰ বাবে পৰিশ্ৰম কৰি যায়। মাতৃ এগৰাকীয়ে সন্তানে হাঁহিলে হাঁহে, কান্দিলে কান্দে, আনকি সন্তানে আহাৰ নাখালে, নিজেও নাখায়। 

➤ গৰ্ভধাৰণৰ বিষয়ে কিছু কথা 

         গৰ্ভধাৰণৰ প্ৰথম মাহত (০-৪ সপ্তাহত) মহিলাগৰাকীৰ জৰায়ুত থিতাপি লোৱা শিশুটিৰ বিকাশ হ’বলৈ লয়। মহিলাগৰাকীয়ে জৰায়ুত ঘটি থকা এই পৰিৱৰ্তন অনুভৱ নকৰিবও পাৰে। এই সময়ছোৱাত মহিলাগৰাকীৰ অজানিতেই বিভিন্ন হৰম’নৰ প্ৰভাৱত বিকশিত শিশুটিৰ বাবে এক সুৰক্ষা- কৱচ নিৰ্মাণ হয়।


Disqus Comments