কম্পিউটাৰৰ বিষয়ে যৎকিঞ্চিতঃ নেটৱৰ্কৰ অপাৰেটিং ছিষ্টেম

Image result for computer

নেটৱৰ্কত অংশগ্ৰহণ কৰিবলৈ এটা কম্পিউটাৰক সক্ষম কৰা অপাৰেটিং ছিষ্টেমক নেটৱৰ্ক অপাৰেটিং চিষ্টেম বুলি জনা যায়। কিছুমান বিখ্যাত নেটৱৰ্ক অপাৰেটিং ছিষ্টেম হৈছে-
  • UNIX- ৰ বিভিন্ন প্ৰকাৰ যেনে IRIX,  Linux, HP-UNIX আৰু Solaris.
  • Novell- ৰ Novell NetWare.
  • Microsoft-ৰ Windows NT.
নেটৱৰ্ক প্ৰ’ট’কল
প্ৰ’ট’কল হৈছে নেটৱৰ্কৰ তথ্য প্ৰেৰণ আৰু গ্ৰহণৰ কাৰণে অনুসৰণ কৰিবলগীয়া নীতি তথা প্ৰথাৰ এটা গোট। নিম্ন উল্লিখিতসমূহ নীতিৰ গোটে পৰিচালিত-
  • তথ্যৰ কণ্টেণ্ট
  • তথ্য প্ৰেৰণ হ’বলগীয়া ফৰমেট
  • তথ্য প্ৰেৰণ হ’বলগীয়া সময় আৰু ছিকুৱেঞ্চ
  • প্ৰেৰণ হোৱা এৰৰ কণ্ট্ৰ’ল মেছেজ
এই নীতিসমূহ এটা নেটৱৰ্কত ছফ্‌টৱেৰৰ এটা ছেটৰ সহায়ত প্ৰয়োগ কৰা হয়। এই নীতি আৰু প্ৰথাসমূহ প্ৰয়োগৰ কাৰণে সাধাৰণতে ব্যৱহাৰ হোৱা কিছুমাণ ছফ্‌টৱেৰ হৈছে-
  • ইণ্টাৰনেট প্ৰ’ট’কল।
  • ট্ৰেন্সমিছন কন্ট্ৰ’ল প্ৰ’ট’কল/ইণ্টাৰনেট প্ৰ’ট’কল।
নেটৱৰ্কৰ সৈতে সম্পৰ্কিত টাৰ্ম ন’ড
এটা ন’ড হ’ল নেটৱৰ্কত প্ৰত্যক্ষভাৱে সংযোগ হৈ থকা এটা ডিভাইচ। টাৰ্মটো সাধাৰণতে নেটৱৰ্কত কম্পিউটাৰ সংযোগ হৈ থকা প্ৰসংগত ব্যৱহাৰ কৰা হয়। নেটৱৰ্কত নেটৱৰ্ক প্ৰিণ্টাৰৰ দৰে কিছুমান অন্য ডিভাইচো প্ৰত্যক্ষভাৱে সংযোগ হৈ থাকিব পাৰে। এই সংযোগ হৈ থকা ডিভাইচসমূহক ন’ড বুলি ক’ব পাৰি।
ৱৰ্কষ্টেচন
ৱৰ্কষ্টেচনৰ কাম হ’ল কম্পিউটাৰৰ বিষয়ে জাননী দিয়া আৰু নেটৱৰ্কৰ ৰিছ’ৰ্চক ভাগ-বাটোৱাৰা কৰিবলৈ পৰীক্ষা-নিৰীক্ষা কৰা। ৱৰ্কষ্টেচনক লাইন বুলি কোৱা হয়। LAN-এ সকলো ব্যক্তিগত ৱৰ্কষ্টেচন একেলগে সংযোগ কৰে আৰু নেটৱৰ্কৰ যোগেদি সকলো ৱৰ্কষ্টেচনৰ ৰিছ’ৰ্চৰ কাৰণে এক্সেছ সুলভ হৈ থাকে।  LAN-ৰ এটা অংশ ৱৰ্কষ্টেচন স্বাধীনভাৱেও ব্যৱহাৰ হ’ব পাৰে।
ছাৰ্ভাৰ
ছাৰ্ভাৰ হ’ল অন্য ৱৰ্কষ্টেচনৰ সৈতে ইয়াৰ ৰিছ’ৰ্চ ভাগ-বাটোৱাৰা কৰা এটা কম্পিউটাৰ। মূলতঃ ছাৰ্ভাৰ আদান প্ৰদানৰ বাবে ব্যৱহাৰ কৰা হয়। ছাৰ্ভাৰৰ সহায়ত আমি পৰোক্ষভাৱে এটা কম্পিউটাৰৰ তথ্য আন এটা কম্পিউটাৰৰ সৈতে শ্বেয়াৰ কৰিব পাৰোঁ। ছাৰ্ভাৰ দুই প্ৰকাৰৰ-
  • ডেডিকেটেড ছাৰ্ভাৰ।
  • নন-ডেডিকেটেড ছাৰ্ভাৰ।
ডেডিকেটেড ছাৰ্ভাৰে মাত্ৰ ছাৰ্ভাৰ হিচাপেহে কাম কৰে। বিশাল নেটৱৰ্কত এই ছাৰ্ভাৰ ব্যৱহাৰ কৰা হয়। ইয়াত ছাৰ্ভাৰৰ কাম হ’ল ডাটা, ছফ্‌টৱেৰ আৰু হাৰ্ডৱেৰ ৰিছ’ৰ্চ এক্সেছ কৰিবলৈ ৱৰ্কষ্টেচনক সহায় কৰা।
আনহাতে, নন- ডেডিকেটেড ছাৰ্ভাৰ হ’ল সাধাৰণভাৱে অন্য এটা ৱৰ্কষ্টেচন থকা সৰু নেটৱৰ্কৰ কাৰণে এনে ছাৰ্ভাৰ ব্যৱহাৰ কৰা হয়। নেটৱৰ্কত ৱৰ্কষ্টেচনলৈ ৰিছ’ৰ্চ প্ৰদান কৰি কম্পিউটাৰে ছাৰ্ভাৰৰ দৰে কাম কৰে আৰু ৱৰ্কষ্টেচনৰ দৰে দুবাৰো কৰে।
Disqus Comments