যাৰ ঘৰত তুলসী গছ থাকে, সেই ঘৰ তীৰ্থৰ দৰে পৱিত্ৰ হয়। তুলসী গছ হাতেৰে স্পৰ্শ কৰিলে সকলো পাপ নাশ হয় বুলি বিশ্বাস কৰা হয়। প্ৰতিঘৰ মানুহৰ চোতালৰ পূব ফালে তুলসী গছ ৰোৱাটো ভাল। ঘৰৰ চাৰিসীমাত তুলসী থকাটো সৌভাগ্য বুলি কোৱা হয়। সংস্কৃত ভাষাত এষাৰ কথা আছে যে- ‘তুলনা নাস্তি অথৈৰ তুলসী’। অৰ্থাৎ যাৰ গুণৰ তুলনা নাই, সেয়াই হৈছে তুলসী। তুলসীক লক্ষ্মীস্বৰূপা বুলি কোৱা হয়। তুলসীক বৃক্ষ পূজাৰ ভিতৰত শ্ৰেষ্ঠ বুলি কোৱা হয়। সেয়েহে অসমীয়াৰ প্ৰতিঘৰ মানুহে আহিন-কাতিৰ সংক্ৰান্তিত তুলসী ৰোপণ কৰি আৰাধনা কৰে। শাস্ত্ৰ অনুসৰি যি ঠাইত তুলসী থাকে, তাত হেনো বিষ্ণুভক্ত বৈষ্ণৱ আৰু শ্ৰীহৰি ভগৱান বিৰাজ কৰে। তুলসী পাপহাৰিণী, শুভ আৰু পূণ্যদায়িনী তথা নাৰায়ণৰ অতি মনোৰঞ্জনকাৰিণী। যি কি নহওক ভাৰতবৰ্ষত কেইবা প্ৰকাৰৰ তুলসী পোৱা যায়। ক’লা তুলসী, ৰাম তুলসী, ফুলাল তুলসী, বন তুলসী। ইয়াৰ বৈজ্ঞানিক নাম Ocimum sanctum. L. তুলসী এবিধ ৰাসায়নিক গুণসম্পন্ন ঔষধি গছ। ইয়াৰ ঔষধি গুণসমূহ হৈছে-
*ঘূৰণীয়া কৃমি হ’লে তুলসী পাতৰ ৰস খালে কৃমি নাশ হয়।
*তুলসী পাত খালে তেজ পৰিষ্কাৰ হয়।
*তুলসী পাতৰ চাহ খালে যকৃতৰ ৰোগ নিৰাময় হয়।
*তুলসীৰ ৰস মৌৰ লগত খালে কাহ, কফ, জ্বৰ কমে।
*তুলসীৰ ৰস খালে বমি, পানী লগা, বিষ, হিকটি ভাল হয়।
*তুলসীৰ পাত খালে মুখৰ দুৰ্গন্ধ নাশ হয়।
*তুলসীৰ পাত নিয়মীয়াকৈ খালে গাৰ ছাল নিমজ হয় আৰু দেহৰ সৌন্দৰ্য বৃদ্ধি হয়।
*তুলসীৰ পাত নিয়মীয়াকৈ খালে ডায়েবেটিচ হ্ৰাস পায়।
*তুলসীৰ পাত ঠাণ্ডা পানীত আগদিনাই তিয়াই থৈ পিছদিনা সেই পানীৰে মুখ ধুলে মুখৰ ক’লা দাগ নাইকিয়া হয়।
*তুলসী পাতৰ ৰসে এন্টিচেপ্টিকৰ কাম কৰে।
*ক’লা তুলসীৰ পাতৰ ৰস গৰু ঘিউৰ লগত খালে বাত ৰোগ ভাল হয়।
*তুলসী পাতৰ ৰস আৰু হালধিৰ ৰস মিহলাই খালে উচ্চ ৰক্তচাপ ভাল হয়।
*ক’লা তুলসীৰ লগত ক’লা নিমখ আৰু জালুক মিহলাই খালে হাইজা ৰোগ নিৰাময় হয়।
মুঠৰ ওপৰত তুলসীৰ বহুত ঔষধি গুণ আছে। তুলসী গছে বায়ু বিশুদ্ধ কৰে। তুলসী গছে যি ঠাইত ৰোৱা হয় সেই ঠাইৰ চাৰিওফালে ৬৫০ ফুট ব্যাসাৰ্ধ ঠাই আগুৰি বায়ু বিশুদ্ধ হয়। তুলসী ৰোৱা বা থকা ঠাইৰ ওচৰে-পাঁজৰে মেলেৰিয়া, প্লেগ আদি বেমাৰ হ’ব নোৱাৰে। সেয়েহে এনে বেমাৰ হ’লে তুলসীৰ মালা পিন্ধোৱা দেখা যায়। গতিকে সকলোৱে তুলসী সংৰক্ষণ কৰি তুলসীৰ পাত ব্যৱহাৰ কৰি আৰোগ্য লাভ কৰিব পাৰে।